IndiaFastJobAlert.Com
47.2K subscribers
1.53K photos
7 videos
11 files
4.05K links
Hello Lovely Subscribers, I'am Rekib Afredi. Welcome to our Official Channel 'IndiaFastJobAlert.Com'.


🌐 IndiaFastJobAlert.Com
🌐 RekibAfredi.Com

#AllJobAssam
#assamcareer
#jobassam
#assamgovtjob
#govtjobinassam
#assamdirectrecruitment
#RekibAfredi
Download Telegram
অসম আৰক্ষীৰ উপ পৰিদৰ্শক (Sub Inspector) পদৰ বাবে অনুষ্ঠিত হব লগীয়া লিখিত পৰীক্ষা কেন্দ্ৰিক কিছু গুৰুত্বপূৰ্ন কথা :

পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰতিবাদত নমাতকৈ পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ আগতেই প্ৰাৰ্থীসকলে কিছু পদক্ষেপ লব লাগে । যদিহে আটায়েৰে সহযোগিতা থাকে ।

অসমৰ প্ৰতিজন Assam police Sub Inspector Aspirant ৰ সপোন একো একোজন সফল আৰক্ষী উপ পৰিদৰ্শক হোৱাৰ ।

যিটো অনুষ্ঠানে এই পৰীক্ষাটো পতাৰ দায়িত্ব ভাৰ লব সেই অনুষ্ঠানটোৰ ওপৰত অসমৰ বহু হাজাৰ চাকৰি প্ৰত্যাশী শিক্ষিত নিবনুৱাৰ সপোন,পৰিশ্ৰম জড়িত হৈ থাকিব । সেয়ে এই পৰীক্ষাটো কোনো ধৰনৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ অতি শুদ্ধ, নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত হৈ প্ৰকৃত মেধাৱী প্ৰাৰ্থীৰ চাকৰি হোৱাটো আটায়ে বিচাৰো ।।

যিহেতু অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা হবলৈ এতিয়াও আমাৰ সন্মুখত হয়টু কিছু মাহ বাকী আছে সেয়েহে এই চেগতে আমি চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলে লিখিত পৰীক্ষাটো সম্পৰ্কে কিছু কথা অসম আৰক্ষী নিযুক্তি বৰ্ডৰ জৰিয়তে লিখিত পৰীক্ষাটোৰ দায়িত্বভাৰ গ্ৰহন কৰা অনুষ্ঠানটোক জনাব লাগে :

১) লিখিত পৰীক্ষাৰ লগতে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পুৰ্ন নিকা আৰু স্বচ্ছতাৰ ভিত্তিত যোগ্যজনে নিযুক্তি পাব লাগিব ।

২) লিখিত পৰীক্ষাৰ OMR sheet ৰ কাৰ্বন copy ৰ লগতে প্ৰশ্নপত্ৰ প্ৰাৰ্থীক লগত আনিব দিব লাগিব ।

৩) লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ কিছুদিন পিছতে ফলাফল ঘোষনাৰ পুৰ্বে প্ৰতিখন চিৰিজৰ Official Answer Key অফিচিয়েল ওৱেবচাইটত প্ৰকাশ কৰিব লাগিব ।

৪) ভূল বা সামঞ্জস্যহীন প্ৰশ্নোত্তৰ পৰীক্ষাত আহিলে প্ৰতিটো ভূল প্ৰশ্নৰ বিপৰীতে পৰীক্ষাৰ্থীক বোনাচ নম্বৰ ধৰি দিব লাগিব । আৰু সেই ভূল বা সামঞ্জস্যহীন প্ৰশ্ন Official website ত প্ৰকাশ কৰিব লাগিব ।

৫) লিখিত পৰীক্ষাৰ ফলাফল কেবল মাত্ৰ প্ৰাৰ্থীজনে নিজে জনাৰ উপৰিও লিখিত পৰীক্ষাৰ ফলাফল সকলোৱে চাব পৰাকৈ ৰাজহুৱাভাৱে প্ৰতিখন আগশাৰীৰ বাতৰি কাকতৰ লগতে official website ত উত্তীৰ্ন প্ৰাৰ্থীৰ কেটেগৰী(Caste) , ৰোল নম্বৰ(Roll No.) আৰু জিলা(District) অনুযায়ী মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগিব । যিদৰে SLPRB ৰ দ্বাৰা ২০১৬ চনত হৈ যোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হৈছিল ।

একমত যদি শ্বেয়াৰ কৰিব ।
👍213❤33🤮4🤩1🤗1
❤169👍54🔥10🤩8🥱6👌5🤮2🤡2🥴2