Assamese Wikimedia
54 subscribers
4 photos
37 links
অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ বাতৰি।
Download Telegram
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

দ্বিতীয় বিশ্বযুদ্ধৰ সময়। জাপানী সৈন্যই ইতিমধ্যে বাৰ্মা ৰোড দখল কৰিছে। মিত্ৰশক্তিৰ দ্বাৰা চীনাসকলক সাহাৰ্য সামগ্ৰী যোগানৰ উপায় কি? এই প্ৰয়োজন পূৰ কৰিবলৈকে নিৰ্মাণ কৰা হয় এক আশ্চৰ্যকৰ কিংবদন্তিৰ দৰে, বিপদসংকুল ষ্টীলৱেল ৰোডৰ।
https://as.wikipedia.org?curid=23319
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

অসমীয়া খোৱা-লোৱা বুলিলেই ঔটেঙা, অমৰা বা নেমু দি ৰন্ধা মাছৰ টেঙা আঞ্জাখনৰ কথা মনলৈ আহে। পইতা-কৰ্কৰাৰে এমুঠি খাওঁ‌তেও কাঁ‌হীৰ দাঁ‌তিত পোৰা মাছৰ পিটিকা এখন হ'লে ভাতকেইটা সৰহকৈ পেটলৈ যায়। গাঁ‌ৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰাটোও এটা উৎসৱ। অসমীয়া মাছ ধৰা বিভিন্ন সঁ‌জুলিবোৰ নো কি কি? কি কায়দাৰে এই সঁ‌জুলিবোৰেৰে মৎস্য চিকাৰ কৰা হয়?
https://as.wikipedia.org?curid=55358
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#MEGHALAYA

উত্তৰ-পূবৰ জনগোষ্ঠীয় সমাজ ব্যৱস্থাৰ এক অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে নাৰীসকলৰ সবল সামাজিক স্থিতি। মেঘালয়ৰ মাতৃবংশীয় সমাজ ইয়াৰে এক বাছকবনীয়া উদাহৰণ। কোনো লোকৰ কন্যা সন্তান জন্ম নহ'লে তেওঁলোকে ছোৱালী এজনী তুলি লয় আৰু সম্পত্তিৰ উত্তৰাধিকাৰ তাইলৈ হস্তান্তৰ কৰে। আনকি খাচি নাৰীৰ প্ৰাক্‌-বৈবাহিক যৌনমিলনো সামাজিকভাৱে গ্ৰহণযোগ্য। পৰিয়ালৰ নুমলীয়া জীয়ৰীয়ে সকলো সম্পত্তিৰ অধিকাৰ লাভ কৰে আৰু লগতে পিতৃ-মাতৃক চোৱা-চিতা কৰাৰ দায়িত্বও তেওঁলোকে বহন কৰে।
https://as.wikipedia.org?curid=57232
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

অসমত মুগা পালন কেতিয়াৰ পৰা প্ৰচলন হৈছিল বা কোনে আৰম্ভ কৰিছিল সেই কথা কোৱা কঠিন যদিও কৌতিল্যৰ অৰ্থশাস্ত্ৰত মুগাৰ বিষয়ে প্ৰথম উল্লেখ পোৱা যায় (অৰ্থশাস্ত্ৰ, দ্বিতীয় পুথি, ১১তম অধ্যায়, ১০৪নং শ্লোক)। এয়া ৩২১ খৃষ্টপূৰ্বৰ কথা। ইয়াৰ পিছত অসমত মুগাৰ প্ৰচলন সদায়েই চলি অহা দেখা গৈছে। মুগাৰ ব্যৱসায়ত জড়িত লোকসকলৰ বাণিজ্যিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ২০০৬ চনৰ ২০ জুলাইত মুগাক GI (Geographical Indication) বা ভৌগোলিক স্বীকৃতি প্ৰদান কৰা হয়।

https://as.wikipedia.org?curid=45125
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ARUNACHAL_PRADESH #ASSAM #MANIPIR #MEGHALAYA #MIZORAM #NAGALAND #SIKKIM #TRIPURA

উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্যাভ্যাসত পতংগ এক অন্যতম সংযোজন। অসমত গৰু বিহুৰ দিনা আমৰলি টোপ খোৱাৰ পৰম্পৰা বহু যুগৰ। একেদৰে মুগা আৰু এৰীলেটাও অসমীয়া লোকৰ বাবে এক সুস্বাদু আৰু বহুলভাৱে প্ৰচলিত খাদ্য। অসম তথা উত্তৰ-পূব ভাৰতত খাদ্য হিচাপে ব্যৱহৃত পতংগসমূহত প্ৰ'টিন, কেলছিয়াম আৰু লৌহ পদাৰ্থৰ প্ৰাচুৰ্য দেখা যায়। সেয়ে এই পতংগসমূহ কেৱল ৰুচিকৰেই নহয় পুষ্টিকৰ খাদ্য হিচাপেও গণ্য কৰা হয়।

https://as.wikipedia.org?curid=23171
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

পূবৰ আমাজন দিহিং পাটকাই। প্ৰকৃতিয়ে নিজহাতে গঢ় দিয়া নিখুঁ‌ত পৰিস্থিতি তন্ত্ৰ আৰু শতাধিক অৰ্কিডৰ প্ৰজাতিৰ লগতে বহু বিৰল জীৱ-জন্তুৰ পয়োভৰেৰে দিহিং পাটকাই সমৃদ্ধ।
https://as.wikipedia.org?curid=34618
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ARUNACHAL_PRADESH

অৰুণাচল বা পাছিঘাটৰ নাম শুনিলেই উজ্বল সুমথিৰা ৰঙৰ কমলা টেঙাকেইটাৰ কথা সতকাই মনলৈ আহে। ভৌগোলিক স্বীকৃতিপ্ৰাপ্ত অৰুণাচলৰ এই বিখ্যাত কমলা টেঙাসমূহৰ সোৱাদৰ ৰহস্য কি? পঢ়ি চাওঁ‌ আহক।
https://as.wikipedia.org?curid=58741
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

অসমীয়া সমাজ-সংস্কৃতিত 'জলপান এমুঠি'ৰ আদৰৰ তুলনা নাই। বিহুৱে-সংক্ৰান্তিয়ে ম'হৰ থমা দৈ আৰু বকুল বৰা ধানৰ চিৰাৰে আলহী সুধিব পৰাতেই গৃহস্থৰ পৰম সন্তুষ্টি। হালৰ দিনতো হালোৱাই কোমল চাউল আৰু পিটিকা এখনেৰে একাঁ‌হী খাইহে শৰীৰত বল পায়। অসমীয়া জলপানৰ ইতিহাস, প্ৰকাৰ, প্ৰস্তুত প্ৰণালী আদিৰ বিষয়ে জানো আহক।

https://as.wikipedia.org?curid=59724
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

মদন কামদেৱ। শৈলজ এক সাধুকথা যেন! শিৱৰ প্ৰতি উৎসৰ্গিত এই মন্দিৰটো উত্তৰ-পূবৰ খাজুৰাহো বুলি ক'লেও ভুল কোৱা নহ'ব। ভাৰতীয় নৱ্য-ৰক্ষণশীলতাৰ বিপৰীতে মুক্ত আৰু সহজভাৱে অসমৰ স্থাপত্যশৈলীত এনেদৰে মৈথুনৰত নৰ-নাৰী আৰু পশুৰ ধ্ৰুপদী চিত্ৰন বিৰল। ইতিহাসে নো কি কয় এই এই মন্দিৰৰ বিষয়ে?
https://as.wikipedia.org?curid=7453
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

অসমৰ সশস্ত্ৰ সংগ্ৰামী সংগঠনসমূহৰ ভিতৰত সংযুক্ত মুক্তি বাহিনী বা চমুকৈ আলফা এক অন্যতম প্ৰধান তথা সক্ৰিয় সংগঠন। ১৯৭৯ চনৰ ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত শিৱসাগৰৰ তলাতল ঘৰত জন্মলাভ কৰা এই সংগ্ৰামী সংগঠনটোৰ বিষয়ে কিছু কথা জানো আহক।
https://as.wikipedia.org?curid=23073
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

কাঁ‌চিজোনৰ দৰে সেই বিলৰ পাৰতেই এদিন বিমুগ্ধ গোভাৰজাই ৰাণীক কৈছিল, "হেবে ছনাই পিল হঙদ।" "এইখন জোনটোৰ দৰে বিল।" জীৱন্ত এক ইতিহাস এয়া। ইয়াৰ পিছত বহু বছৰ বাগৰি গ'ল। আজিও মাঘৰ বিহু পাৰ হ'লেই এই জোনবিলৰ পাৰত প্ৰতিবছৰে প্ৰাণ পাই উঠে গোভা ৰাজ্যৰ ৰজাই আৰম্ভ কৰি যোৱা প্ৰাচুৰ্য, সমন্বয় আৰু বিনিময়ৰ মেলা। জোনবিল মেলাত পাহাৰৰ তিৱা লোকসকলে নিজ অঞ্চলত উৎপাদিত অগণন দ্ৰব্যৰ মেটমৰা ভাৰ ভৈয়ামৰ তিৱাসকলকে ধৰি বিভিন্ন জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে।

https://as.wikipedia.org?curid=8260
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

বড়োসকল মংগোলীয় নৃগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা-ভাষী লোক আৰু এওঁলোক মূলতঃ শৈৱ পন্থাৰ লগত জড়িত বাথৌ পন্থাত বিশ্বাসী। বড়োসকলৰ সমাজ-সংস্কৃতি, জীৱনশৈলী, লোকাচাৰ, উছৱ-পাৰ্বন আদিৰ বিষয়ে অধিক জানো আহক।
https://as.wikipedia.org?curid=3766
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#SIKKIM

ছিকিম বা ছিক্কিম। পূৰ্বতে নামজ্ঞাল ৰাজবংশৰ দ্বাৰা শাসিত স্বাধীন এই ৰাষ্ট্ৰখন ১৯৭৫ চনত জনমতৰ যোগেদি ভাৰতৰ সৈতে চামিল হয় আৰু পৰৱৰ্তীকালত উত্তৰ-পূৰ্বাঞ্চলৰ এক অভিন্ন অংগ হৈ পৰে। ছিক্কিমত ১১টাকৈ চৰকাৰী ভাষা ব্যৱহৃত হয়। ভাৰতৰ সবাতোকৈ পৰিৱেশ-সচেতন ৰাজ্যসমূহৰ ভিতৰত অন্যতম ছিক্কিমত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বোচ্চ পৰিমাণৰ ইলাচী উৎপাদন হয়। বিশাল হিমালয়ৰ বুকুত আশ্ৰিত এই সৰু কিন্তু মনোমোহা ৰাজ্যখনৰ বিষয়ে অধিক জানো আহক।

https://as.wikipedia.org?curid=25992
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#MANIPUR

ভাৰতৰ সংগীত নাটক একাডেমীয়ে বিভিন্ন ৰাজ্যৰ আঠটা নৃত্যক শাস্ত্ৰীয় নৃত্যৰ মৰ্যদা দিছে। শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন ঘটনাৱলীৰ পৰা আহৰণ কৰা বাছকবনীয়া বিষয়বস্তুৰে সজাই তোলা ধীৰ গতিৰ লয়লাস মণিপুৰী নৃত্যও ইয়াৰে অন্যতম। গোকুলত ৰাসলীলাত মগ্ন কৃষ্ণ আৰু গোপীৰ দৃষ্টিনন্দন ভংগিমা এই নৃত্যৰ সৰ্বজনীন আকৰ্ষণ।

https://as.wikipedia.org?curid=39304
Assamese Wikisource Workshop (Online)

তাৰিখ: ২৮ জুলাই, ২০২০, মংগলবাৰ
সময়: আবেলি ৩টাৰ পৰা ৪টালৈ

মবাইলৰ বাবে: Google Meet এপটো ডাউনল’ড কৰি ল’ব৷

লেপটপৰ বাবে: ব্ৰাউজাৰত meet.google.com টাইপ কৰিব বা https://meet.google.com/etc-kcqw-vrp টাইপ কৰিলে পোনপটীয়াকৈ সোমাব পাৰিব৷

মিটিং আইডি: etc-kcqw-vrp

অনুগ্ৰহ কৰি তিনিবজাৰ পাঁচমিনিট আগেয়ে লগ-ইন কৰে যেন৷
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

পুৰণি কালত মিচিং লোকসকলৰ মুখিয়াল অৰ্থাৎ 'গাম'গৰাকীয়ে পিন্ধা খাৰু হোৱাৰ বাবে ই গামখাৰু নাম পায়। এতিয়া আমাৰ বিহু নাচনীয়ে পিন্ধা গামখাৰু অতীজতে পুৰুষসকলেহে পিন্ধিছিল। সৰু গামখাৰুক ঠাইভেদে মুঠিখাৰু বুলিও জনা যায়।

https://as.wikipedia.org?curid=55198
𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊
#ASSAM

"ধৰম মাঝি বজা মাদল
আজি কৰম পূজাৰ ৰাতি"

https://as.wikipedia.org?curid=30025
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM #TEZPUR

আখ্যানমতে শোণিতপুৰৰ ৰজা শিৱভক্ত বাণাসুৰৰ জীয়ৰী উষা আৰু দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই গোপনে গন্ধৰ্ব-বিবাহত আবদ্ধ হোৱাৰ ফলতেই পুৰাণ-প্ৰসিদ্ধ হৰি-হৰৰ যুদ্ধৰ সূচনা হয়। অনুমান কৰা মতে এই সংহাৰী যুদ্ধ শাম কটাৰ পিছত বাণৰজাই হৰি আৰু হৰৰ মিলন ভূমি প্ৰাচীন শোণিতপুৰত 'হৰি-হৰাত্মক' শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। দ-পৰ্বতীয়াৰ শিলৰ তোৰণে তাৰেই যুগজয়ী স্মৃতি বহন কৰিছে।
https://as.wikipedia.org?curid=4146