General Knowledge- MCQ
200 subscribers
38 photos
1 video
8 files
73 links
Download Telegram
দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হয় ?
Anonymous Quiz
30%
1969
37%
1961
21%
1955
13%
1994
এটা শব্দত প্ৰকাশ কৰা:-
১) ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
২) শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
৩) ৰিপুক জয় কৰে যি=ৰিপুঞ্জয়
৪) ধান থোৱা ঘৰ= ভঁৰাল
৫) যি মাছ-মাংস নাখায়=নিৰামিষাহাৰী
৬) ভিক্ষা কৰে যি=ভিক্ষাৰী
৭) যি খুজি মাগি খায়=খোজনীয়া; মগনিয়া
৮) যি আনৰ বস্তু বলেৰে নিয়ে=ডকাইত
৯) যি কথা জনা নাযায়=অজ্ঞাত
১০) যি কাৰো লগত মিলিব নোৱাৰে=অজীন-পাতকী
১১) দুটা মাহৰ মাজৰ দিন=দোমাহী বা সংক্ৰান্তি
১২) যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী
১৩) যি সঁচা কথা কয়=সত্যবাদী
১৪) যাৰ আগত জন্ম=অগ্ৰজ
১৫) যি নিজে নিজে হয়=স্বয়ম্ভু
১৬) যাৰ মূৰত চুলি নাই=তপা
১৭) যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
১৮) যি কথা লগাই ফুৰে=খলুৱা
১৯) যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী
২০) যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী
অসমৰ ৰাজ্যিক প্ৰশাসন (অসম ইয়েৰ বুক)
1) অসমে কেতিয়া পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল?
= 1950 চনত
2) অসমত সৰ্বমুঠ গাওঁ কিমান খন আছে?
= 26,395 খন
3) অসমত সৰ্বমুঠ কিমান খন গাওঁ পঞ্চায়ত আছে?
= 2202 খন
4) অসমত সৰ্বমুঠ কিমানটা উন্নয়ন খণ্ড আছে?
= 219 টা
5) অসমত সৰ্বমুঠ কিমানটা ৰাজহ চক্ৰ আছে?
= 184 টা
6) অসমৰ সৰ্বমুঠ জিলাৰ সংখ্যা কিমান?
= 34 খন
7) ৰাজ্যপালৰ কাৰ্যালয় কেইটা শাখাত বিভক্ত আৰু কি কি?
= দুটা শাখাত বিভক্ত আৰু শাখা দুটা হল
সাধাৰণ শাখা আৰু বিশেষ শাখা
8) সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত ৰাজ্যৰ ৰাজ্যপালক নিযুক্তি দিয়ে?
= অনুচ্ছেদ - 156
9) ৰাজ্যপালক কোনে নিযুক্ত কৰে?
= দেশৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতিয়ে
10) ৰাজ্যৰ ৰাজ্যপালক নিয়ুক্তি দিয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ লয়?
= ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ
১) বিধান সভাৰ প্ৰথম দিনটোত বিধান সভাৰ সদস্যসকল কোনে সম্ভাষণ জনায়?
= ৰাজ্যপালে
২) ৰাজ্যৰ বিধানমণ্ডলৰ অংশ কেইটা আৰু কি কি?
= ৰাজ্যৰ বিধানমণ্ডলৰ অংশ তিনিটা, সেই কেইটা হ'ল ক্ৰমে - ৰাজ্যপাল, বিধান সভা আৰু বিধান পৰিষদ
৩) ৰাজ্যৰ বিধান মণ্ডলৰ উচ্চ সদন বুলি কাক কোৱা হয়?
= বিধান পৰিষদক
৪) ৰাজ্যৰ বিধান মণ্ডলৰ নিম্ন সদন বুলি কাক কোৱা হয়?
= বিধান সভা
৫) অসম ৰাজ্যৰ বিধান মণ্ডলৰ ভাগ কেইটা আৰু কি কি?
= অসম ৰাজ্যৰ বিধান মণ্ডলৰ ভাগ দুটা
ৰাজ্যপাল আৰু বিধান সভা
৬) ৰাজ্যপাল হৱলৈ বয়সৰ সীমা কিমান ?
= 35 বছৰ
৭) সংবিধানৰ মতে ৰাজ্যৰ কাৰ্যপালিকাৰ শক্তি কাৰ হাতত থাকে?
= ৰাজ্যপাল
৮) ৰাজ্যৰ বাস্তবিক শাসন শক্তি কাৰ হাতত থাকে?
= মুখ্যমন্ত্ৰী
৯) মুখ্যমন্ত্ৰী হবৰ বাবে বয়সৰ সময় সীমা কিমান?
= 25 বছৰ
১০) সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক ৰাজ্যপালে নিযুক্তি দিয়ে ?
= অনুচ্ছেদ 164
১) চৰকাৰৰ মুখ্য প্ৰবক্তা বা মুখপাত্ৰ বুলি কাক কোৱা হয়?
= ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক
২) ৰাজ্যৰ মন্ত্ৰী সকলক নিযুক্তি কোনে দিয়ে?
= ৰাজ্যপালে
৩) ৰাজ্যৰ মন্ত্ৰী সকলক নিযুক্তি দিয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ গ্ৰহণ কৰে ?
= ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ
৪) ৰাজ্যিক মন্ত্ৰী পৰিষদৰ অধ্যক্ষ / সভাপতি বুলি কাক কোৱা হয়?
= ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক
✍️অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ বেজবৰুৱা দেৱৰ অমৰ সৃষ্টি ।সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আছিল এগৰাকী বিৰল প্ৰতিভাৰ আঁকৰ ।১৮৮৮ চনৰ পৰা ১৯২৯ চনলৈকে তেখেতে অসমীয়া সাহিত্যত এনে প্ৰভাৱ পেলাইছিল যে বহুতে এই সময়ছোৱাক'বেজবৰুৱাৰ যুগ’ বুলি অভিহিত কৰে ।১৯৩৮ চনৰ ২৬ মাৰ্চত অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাটজনে ইহলীলা সম্বৰণ কৰে ।

✍️‘বাঁহী’ আলোচনীখন কোন চনত প্ৰকাশিত হয়?
উত্তৰ: ১৯০৯ চনৰ ডিচেম্বৰ মাহত।

✍️‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই।

✍️ ‘প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ’ বুলি কোনে কৈছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই।

✍️লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক’ৰ পৰা আৰম্ভ হয়?
উত্তৰ: ‘লিতিকাই’ নাটকৰ পৰা।

✍️লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি আৰু এইখন ক’ত প্রকাশ পাইছিল?
উত্তৰ: ‘লিতিকাই’, ১৮৯০ চনত, প্রথম বছৰ ‘জোনাকী’ত।

✍️ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘লিতিকাই’ কোন শ্ৰেণীৰ নাটক?
উত্তৰ: ধেমেলীয়া (প্ৰহসন)।

✍️ লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ: ‘পদুম কুঁৱৰী’, ১৮৯১ চন।

✍️অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

✍️প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?
উত্তৰ: ‘সেউতী’ (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মতে ‘ভদৰী’)।

✍️লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সেউতী’ গল্পটো ক’ত আৰু কেতিয়া প্ৰকাশ হৈছিল?
উত্তৰ: ‘জোনাকী’ৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত, ১৮৯২ চনৰ মে’ মাহত।
১) প্ৰশ্ন : ইটালীৰ মহাকবি ডাণ্টেই ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ : দ্য ডিভাইন কমেডি।
২) প্ৰশ্ন : ভগৱৎ গীতা কোনে প্ৰথমে ইংৰাজলৈ অনুবাদ কৰে?
উত্তৰ : চালৰ্চ উইলকিন্‌চে।
৩) প্ৰশ্ন : বিখ্যাত চিত্ৰ শিল্পী পল গঁগাৰ জীৱনৰ আধাৰত ৰচিত ইংৰাজী উপন্যাসখনৰ নাম কি আৰু লেখক কোন?
উত্তৰ : “দ্য মুন এণ্ড দ্য চিক্স পেন্স”। লেখক – উইলিয়াম চমাৰচেট মম।
৪) প্ৰশ্ন : ৰোমান কবি ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ : ঈনীড।
৫) প্ৰশ্ন : ইংলেণজ্ঞৰ সৰ্বশ্ৰেষ্ঠ কবি কোন?
উত্তৰ : উইলিয়াম শ্বেক্সপীয়েৰ।
৫) প্ৰশ্ন : ‘দাস কেপিটেল’ কাৰ অমৰ সৃষ্টি কাৰ ?
উত্তৰ : কালৰ্মাক্সৰ।
৬) প্ৰশ্ন : কোন দুখন গ্ৰন্থৰ ৰচনাৰ বাবে হোমাৰ চিৰস্মৰণীয়?
উত্তৰ : ইলিয়াদ আৰু ওডিচি।
৭) প্ৰশ্ন : বিশ্বত সৰ্বপ্ৰথম কোনে অত্মজীৱনী লিখে?
উত্তৰ : চেণ্ট আগাষ্টিনে।
৮) প্ৰশ্ন : ওমৰ খায়াম কোন?
উত্তৰ : “ৰুবায়ত” নামৰ পাৰ্চী ভাষাৰ বিখ্যাত কাব্য গ্ৰন্থৰ ৰচয়িতা।
৯) প্ৰশ্ন : সপোনত ৰচিত বুলি কোন ইংৰাজী কবিতা বিশ্ববিখ্যাত?
উত্তৰ : কলেৰিজ ৰচিত “কুবলাই খান”।
১০) প্ৰশ্ন : ‘হেৰি পটাৰ’ৰ চৰিত্ৰ সৃষ্টি কৰি পঢ়ুৱৈৰ মাজত আলোড়ন সৃষ্টি কৰা গ্ৰন্থকাৰৰ নাম কি?
উত্তৰ : জে, কে, ৰাউলিং।
১) প্ৰশ্ন : বিখ্যাত লেখক আৰ্ণেষ্ট হেমিংৱে কোনখন কিতাপৰ বাবে নবেল বঁটা লাভ কৰিছিল?
উত্তৰ : The Old Man and the Sea.
২) প্ৰশ্ন : শ্বেক্সপীয়েৰে মুঠতে কিমানখন নাট লিখিছিল?
উত্তৰ : ৩৭ খন।
৩) প্ৰশ্ন : ‘ইংৰাজী কবিতাৰ জনক’ বুলি কাক কোৱা হয়?
উত্তৰ : জিওফ্ৰি চচাৰক।
৪) “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশায়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে?
উত্তৰ : দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss)
৫) প্ৰশ্ন : কোনজন লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়?
উত্তৰ : ফিৰদৌছি।
৬) প্ৰশ্ন : “Dr. Jekyll and Mr. Hyde” কোনে লিখিছে?
উত্তৰ : ৰৰ্বাট লুইছ ষ্টিভেনছনে।
৭) প্ৰশ্ন : ‘Glimpses of world History’ কোনে লিখিছে?
উত্তৰ : জৱাহৰলাল নেহৰু।
৮) প্ৰশ্ন : বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম কি?
উত্তৰ : ফ্ৰাচোঁৱা মেৰী অৰুৱে।
৯) প্ৰশ্ন : ইংলেণ্ডৰ কোনগৰাকী প্ৰধানন্মন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল?
উত্তৰ : চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেও৬ৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত।
১০) প্ৰশ্ন : Croward’s die many a time before death – এই বিখ্যাত উক্তিটোৰ লিখক কোন?
উত্তৰ : শ্বেক্সপীয়েৰ।
১) প্ৰশ্ন : ভাৰতৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ : “বেংগল গেজেট” (১৭৮০ চনৰ ২৯ জানুৱাৰী)
২) প্ৰশ্ন : বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি?
উত্তৰ : কলহনৰ ৰাজ তৰংগিনী।
৩) প্ৰশ্ন : কোন দুজন অনা ভাৰতীয় অৰ্থাৎ ভাতৰত বাহিৰৰ ব্যক্তিক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছে?
উত্তৰ : নেচনেল মেণ্ডেলা (১৯৯০) আৰু খান আব্দুল গফুৰ খান (১৯৮৭)।
৪) প্ৰশ্ন : কোন গৰাকী মহিলাই ১৯৪৭ চনৰ ১৪/১৫ আগষ্টৰ মাজনিশা ‘বন্দে মাতৰম’ জাতীয় সঙ্গীতটো দিল্লীৰ লালকিল্লাত হোৱা স্বাধীনতা সমাৰোহত গাইছিল?
উত্তৰ : সুচেতা কৃপালনি।
৫) প্ৰশ্ন : ‘সাৰে জাঁহা সে আচ্ছা’ এই গানটো কোনে ৰচনা কৰিছিল?
উত্তৰ : মহম্মদ ইকবাল ।
৬) প্ৰশ্ন : এজন জাৰ্মান সংস্কৃত পণ্ডিত যাৰ নামত দিলীত এটা হলৰ নাম আৰু কলিকতাত এটা ভৱনৰ নাম ৰখা হৈছে। তেওঁ কোন?
উত্তৰ : মেক্সমূলাৰ।
৭) প্ৰশ্ন : কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনত নোবেল বঁটা লাভ কৰে?
উত্তৰ : গীতাঞ্জলি।
৮) প্ৰশ্ন : ‘হৰ্ষ চৰিতৰ’ লেখক কোন?
উত্তৰ : বানভট্ট।
৯) প্ৰশ্ন : ‘ৰামচৰিত মানস’ৰ লিখক কোন?
উত্তৰ : তুলসী দাস।
১০) প্ৰশ্ন : ‘My Experiments with Truth’ ৰ লেখক কোন?
উত্তৰ : মোহন দাস কৰমচাঁদ গান্ধী।
১) প্ৰশ্ন : “সীমাৰ মাঝে অসমী তুমি
বাজাও আপোন সুৰ
আমাৰ মাঝে তোমাৰ প্ৰকাশ
তাই এত মধুৰ”। - এই কবিতাফাঁকি কোন কবিৰ।
উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ।
২) প্ৰশ্ন : “আইন-ই আকবৰী” কাৰ ৰচনা?
উত্তৰ : অবুল ফজলৰ।
৩) প্ৰশ্ন : মৌলানা অব্দুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ : ইণ্ডিয়া উইনছ্‌ ফ্ৰিডম।
৪) প্ৰশ্ন : মেঘদূত কি?
উত্তৰ : মহাকবি কালিদাসৰ ৰচিত সংস্কৃত ভাষাৰ এখন নাটক।
৫) প্ৰশ্ন : ‘তৰুণৰ সপোন’ গ্ৰন্থৰ লেখক কোন?
উত্তৰ : নেতাজী সুভাষ চন্দ্ৰ বসু।
৬) প্ৰশ্ন : খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল?
উত্তৰ : হিব্ৰু ভাষাত
৭) প্ৰশ্ন : আৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি?
উত্তৰ : বেদ।
৮) প্ৰশ্ন : “হোমৰুল লীগ”ৰ মুখপাত্ৰখনৰ নাম কি?
উত্তৰ : নিউ ইণ্ডিয়া নিউজ।
৯) প্ৰশ্ন : সংস্কৃত ভাষাত সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল?
উত্তৰ : মহাকবি বাল্মীকিয়ে।
১০) প্ৰশ্ন : ভাৰতৰ কোন গৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ : আশাপূৰ্ণা দেবী (প্ৰথম প্ৰতিশ্ৰুতি ; ১৯৭৬ চন)